Class 10 Assamese Chapter 1 বৰগীত | Class 10 Assamese Chapter 1 question answer | বৰগীত class 10 মূলভাব | Class 10 assamese Question answer:
In this post you will find the All types of Questions Answers of Class 10th Assamese book Borgeet (বৰগীত). Students can prepare or practice for exam by reading the question answers. বৰগীত is the first chapter of Class 10 assamese book. Class 10 assamese text book is provided by SEBA. You will also get the others chapters/ Class 10 assamese question answers in our website.

Also Read- SEBA class 10 Social science question answers.
অতি চমু প্রশ্নোত্তৰ (Marks- 1)
(ক)বৰগীতটি কোনে ৰচনা কৰা?
উত্তৰঃ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে ৰচনা কৰা।
(খ) মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?
উঃ মাধৱদেৱৰ পিতৃৰ নাম গােবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনােৰ আছিল।
(গ) মাধৱদেৱ কাৰ প্রিয় শিষ্য আছিল ?
উঃ মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্রিয় শিষ্য আছিল।
(ঘ) মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান?
উঃ মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা ১৫৭ টা।
(ঙ) কবি কিহত আতুৰ হােৱা বুলি কৈছে?
উঃ কবি সংসাৰৰ দুখ-যন্ত্রণা, বিষয় বাসনাত আতুৰ হােৱা বুলি কৈছে।
(চ) বৰগীতটি কোনে ৰচনা কৰিছে?
উঃ বৰগীতটি শ্রীশ্রী মাধৱদেৱে ৰচনা কৰিছে।
(জ) কবিয়ে বান্ধৱ বুলি কাক সম্বােধন কৰিছে?
উ : কবিয়ে বান্ধৱ বুলি শ্রীকৃষ্ণক সম্বােধন কৰিছে।
(ঝ) মােহ-পাশ’ মানে কি?
উঃ ‘মােহ-পাশ’– মানে মায়াৰ পাশ বা মায়াৰ বন্ধন।
বৰগীত Class 10 Short Questions (Marks- 2)
1.মােহ – পাশ’মানে কি ?
উত্তৰঃ মােহ – পাশ ’ মানে মায়াৰ বান্ধোন ।
2.সনক , সনন্দ যােগী যাহাকু ধিয়ায় । সনক , সনন্দ আদি যােগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?
উত্তৰঃ সনক , সনন্দ আদি যােগীসকলে নাৰায়ণক ধ্যান কৰে বুলি কৈছে ।
Q.ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা (Marks- 5)
উত্তৰ :
1. ব্রজবুলি ভাষা বা ব্ৰজাৱলী ভাষাত সংস্কৃত শব্দৰ প্রয়ােগ বহুলভাৱে দেখা যায় ।
2.ব্ৰজাৱলী ভাষাত দ্বিস্বৰ আৰু ত্রিস্বৰৰ প্ৰয়ােগ প্রচুৰ ।
3.ব্রজৱলীত বর্তমান , অতীত আৰু ভবিষ্যত — ক্রিয়াৰ তিনিওটি কালৰ প্ৰয়ােগ কৰা হয়।
4.ব্ৰজাৱলীৰ ভাষা ছন্দ মাত্রিক । পদান্তৰ অকাৰ লােপ নহয় । ছন্দ বৈচিত্র্য দৃষ্টিৰে ব্ৰজাৱলী সাহিত্য অতি চহকী ।
5.প্রাচীন মৈথেলী , অবধী , ভােজপুৰী আদিৰ দৰে ব্ৰজাৱলীটো বিশেষণ অথবা ক্রিয়া পদত স্ত্রী প্রত্যয় যোগ নহয়
Q. শব্দৰ অৰ্থ লিখা (Marks -1)
ছোড়, যাহাকু, পশিলো, নপাবন্ত, ধিয়ায়
উত্তৰ :
ছোড় – ত্যাগ কৰা
যাহাকু – যাক
পশিলো – সোমালো
নপাৱন্ত – নাপায়
ধিয়ায় – ধ্যান কৰে
Q. বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া (Marks -5)
উত্তৰ : শ্রীশ্রী মাধৱদেৱৰ জন্ম লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত হয়। তেওঁৰ পিতৃ নাম গােবিন্দগিৰী ভূঞা আৰু মাতৃ মনােৰমা। তেখেতৰ ৰচনাসমূহ হ’ল- আখ্যানমূলক ৰচনা-ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ। নাটক— অর্জুন ভঞ্জন ঝুমুৰা— চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি লেটোৱা, ভােজনবিহাৰ। তত্ত্বমূলক ৰচনা—জন্মৰহস্য।মাধৱদেৱৰ ১০৭ বছৰ বয়সত ১৫৯৬ চনত কোচবিহাৰত দেহাৱসান ঘটে.
Q.প্ৰসংগ, সংগতি দৰ্শাই বাখ্যা কৰা।
1.সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা। অধমে জানিবো কেনে তোমাৰ মহিমা।
উত্তৰ:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত ‘বৰগীত’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
হৰিৰ মহিমা অপাৰ। তেওঁৰ অনন্ত মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰে। হৰিক উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। সেইবাবে ভক্ত কবি মাধৱদেৱে কৈছে যে যিগৰাকী স্ৰষ্টাই অনন্ত ব্ৰহ্মান্দৰ সৃষ্টি কৰিছে, স্থিতি – স্থিতিলয়ৰ গৰাকী সেই গৰাকী ভগৱন্তৰ অপৰিসীম মহিমাৰ অন্ত নাই। ব্ৰহ্মা, মহেশ্বৰ দেৱতাসকলৰো অজ্ঞাত হৰিৰ মহিমা মাধৱদেৱৰ দৰে সাধাৰণ ভক্তৰ বাবে বুজাটো তেনেই অসম্ভৱ।
2.তােমাৰ চৰণ দুই মােৰ মহা ধন। ভকত জনেৰ নিজ তুমিসে জীবন।”
উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত ‘বৰগীত’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কৃষ্ণ হ’ল পৰম পুৰুষ ভগৱান। তেওঁ আচলতে ভকতৰ অধীন। যিজন নিষ্কাম ভকত তেওঁকহে ভগৱানে ধৰা দিয়ে। কবিৰ মতে কৃষ্ণৰ চৰণ দুখনি তেওঁৰ বাবে মহাধন। ভকতৰ বাবে কৃষ্ণই হৈছে একমাত্র মুক্তিদাতা। কবিৰ বাবে সংসাৰখন বিৰক্তিকৰ হৈপৰিছে সেয়ে তেওঁ ভগৱানৰ চৰণত তেওঁৰবাবেঅলপমান ঠাই বিচাৰিছে । কৃষ্ণই ভকতৰ মনােবাঞ্ছা পূৰণ কৰিবলৈ ভক্তকে পৰীক্ষা কৰে। গতিকে হৰিয়ে যেন এবাৰলৈ তেওঁক অর্থাৎ ভকতক কৃপা কৰে, এয়ে কবিৰ একমাত্র প্রার্থনা।